ঘৰত বহিয়েই লাভ কৰক লকডাউনৰ এচিনটিয়েল চাৰ্ভিচ পাচ৷
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক'ভিড১৯ সম্পৰ্কীয় সকলো প্ৰয়োজনীয় তথ্যৰে সমৃদ্ধ এটা স্মাৰ্টফোন এপ COVAAS ৰাইজৰ বাবে মুকলি কৰিছে৷ ৰাজ্যৰ ক'ভিড১৯ পৰিসংখ্যা, জিলা ন'ডেল বিষয়াৰ যোগাযোগ নম্বৰ, হেল্প ডেক্স, চৰকাৰী নীতি-নিৰ্দেশনাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য সন্নিবিষ্ট হৈ আছেএই এপটোত৷ তদুপৰি এচিনটিয়েল চাৰ্ভিচ পাচৰ বাবেও আবেদন কৰিব পাৰিব এপটোৰ জৰিয়তে৷ এই এপটো স্মাৰ্টফোনত ডাউনলোড কৰি ল'ব পাৰি প্লে'-ষ্ট'ৰৰ পৰা৷