বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় চৌহদত নিশা দুৰ্বৃত্তৰ অগ্নিসংযোগ
বহাগৰ বিহুৰ প্ৰথম নিশাই বৰপেটাত সংঘটিত হল অগ্নিসংযোগৰ ঘটনা ৷ যোৱা নিশা সনকুছিস্থিত বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় চৌহদৰ আবাসগৃহৰ এটা গেৰেজত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ৷ জানিব পৰা মতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ কৰ্মচাৰী দিবাকৰ দাসৰ কোৱাৰ্টাৰৰ সন্মুখত থকা গেৰেজত নিশা প্ৰায় ১• ৩০ বজাত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ৷ কিছু সময় পিছত পৰিয়ালৰ লোকে গেৰেজত জুই লগা গম পাই হুৱা দুৱা লগায় আৰু জুই নুমাবলৈ চেষ্টা কৰে ৷ লগে লগে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ এই অগ্নিকাণ্ডত দিবাকৰ দাসৰ এএচ ১৫ এফ ৪৪৮৮ নম্বৰৰ নেনো গাড়ী আৰু এএচ ১৫ জে ১২৮৭ নম্বৰৰ বাইক ভস্মীভূত হয় ৷ নিশাৰ ভাগতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় ৷ পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷