কলিয়াবৰত ড্ৰাগছ ব্যৱসায়িক আতক

কলিয়াবৰত ড্ৰাগছ ব্যৱসায়িক আতক 

যোৱা ৯ আগষ্ট তাৰিখে এক বিশেষ সূত্ৰৰ পম খেদি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত, চুলুং আৰক্ষী টহলদাৰী চকীৰ সহযোগত চলা এক অভিযানত এখন বাহনৰ পৰা সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰিছিল নলতলিৰ আৰিমৰাৰ পৰা। এখন বলেৰ' পিক-আপ বাহনৰ পৰা জব্দ কৰিছিল প্ৰায় ২৪০ গ্ৰাম ওজনৰ বিশটা পেকেটত অনা ব্ৰাউন চুগাৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুজনক।
তদন্তত উদ্ধাৰ হোৱা তথ‍্য অনুসৰি এই বৰ বিহৰ ব‍্যৱসায়ত জড়িত থকা মোবাৰক আলি ওৰফে বাবুল আলি (৩৮) নামৰ এজন ব‍্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে এ এচ ০৭ কিউ ৪৪২৬ পঞ্জীয় নম্বৰৰ বাহন।
উলুৱনী আৰক্ষী নিৱেশত দিয়া
মোবাৰক আলিৰ স্বীকাৰোক্তিৰ ভিত্তিত জুৰীয়াৰ পৰা জোঁৱায়েক জালালুদ্দিনক (৩২) নগাঁও আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে। লগতে জব্দ কৰে পঞ্জীয়ন বিহীন এখন মাৰুতি চুইফ্ট গাড়ী।
যোৱা ৯ আগষ্টত উলুৱনী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আতিকুল ইছলাম  জালালুদ্দিনৰ খুৰা শহুৰেক।

Post a Comment

Previous Post Next Post