টীয়কত স্বাধীনতাৰ দিৱসৰ পুৱা কভিড-19 আৰু স্বাস্থ্য সজাগতা চাইকেল ৰেলী

টীয়কত স্বাধীনতাৰ দিৱসৰ পুৱা কভিড-19 আৰু স্বাস্থ্য সজাগতা চাইকেল ৰেলী

TEOK: বিশ্ব আতংক কভিড-১৯ আৰু স্বাস্থ্য সজাগতাৰ অৰ্থে টীয়কৰ মৰ্ণিং ৰাইডাৰচ্ নামৰ ক্ৰীড়া সংগঠনটোৱে ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি টীয়কৰ পুৰণা বেংক তিনিআলিৰ পৰা জাঁজী দলঙলৈকে এক চাইকেল ৰেলী আয়োজন কৰে।জিলাখনৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী নিৰ্দেশনা মানি ৩০ জন খেলুৱৈয়ে অংশ গ্ৰহণ কৰা এই ৰেলীত চাইকেল চলোৱাৰ প্ৰতি নৱ প্ৰজন্মক অধিক আকৰ্ষণ কৰিবৰ বাবে প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত তিনিওগৰাকী উদীয়মান খেলুৱৈক নগদ ধন,মেডেল সহ মানপত্ৰৰে উৎসাহিত কৰা হয় আৰু অংশগ্ৰহণকাৰী সকলোকো মানপত্ৰ প্ৰদান কৰে।পুৱা ৫ বজাত আৰম্ভ কৰা এই ৰেলীত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক শৰীৰ চৰ্চাবিদ তুষাৰ পালে ফ্লেগ তুলি শুভ উদ্বোধন কৰে।লগতে এনে কাৰ্যসূচীয়ে ভবিষ্যত প্ৰজন্মক সু-স্বাস্থ্য অধিকাৰী কৰিব তুলিব বুলি আশা কৰিছে উদ্যোক্তামণ্ডলীয়ে।

Post a Comment

Previous Post Next Post