১০০ শতাংশ উত্তীৰ্ণৰে সাফল্য গোৱালপাৰাৰ গুৰুকুলা একাডেমী

১০০ শতাংশ উত্তীৰ্ণৰে সাফল্য গোৱালপাৰাৰ গুৰুকুলা একাডেমী

গোৱালপাৰা ২৬ মে: সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত ( বিজ্ঞান শাখাত)গোৱালপাৰা সদৰ চহৰৰ মাজমজিয়াত থকা গুৰুকুলা একাডেমি নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় খনে  এশ শতাংশ উত্তীৰ্ণৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। একাডেমী খনে প্ৰথম বাৰৰ বাবে মাত্ৰ ১৭ জন ছাত্ৰ-ছাত্ৰীলৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও বিদ্যালয় খনে সফল হবলৈ সক্ষম হৈছে। জিলা খনত পাতে গজাৰ ধৰে গজি উঠা একাংশ বিদ্যালয়ৰ তুলনাত বহু পৰিমানে  বিশেষ সফলতা অৰ্জন কৰিছে গোৱালপাৰা এইখন গুৰুকুলা একাডেমিয়ে।যোৱা কালি ফলাফল ঘোষণাৰ পিছতে এই প্রতিবেদক সৈতে একাডেমী খনৰ অধ্যক্ষ আবু চেলিম শ্বেখৰ হোৱা এক বাৰ্তা আলাপত তেওঁ কয় মাত্ৰ ১৭ গৰাকী ছাত্ৰ- ছাত্ৰী লৈ বিদ্যালয় আৰম্ভ কৰিছিলোঁ তাৰো তিনিজ দৰিদ্ৰ হিমাৰেখাৰ তলৰ হোৱা হেতুকে তেওঁলোকৰ সম্পূৰ্ণ খৰজ মই নিজে বহন কৰিছোঁ।কাৰণ মোৰ লক্ষ্য শিক্ষালৈ ব্যৱসায় কৰা নহয় মোৰ লক্ষ্য যাতে প্ৰতিজন দৰিদ্ৰ,অসহায় ছাত্ৰ ছাত্ৰীয়ে যাতে উচ্চ শিক্ষাৰে শিক্ষিত হব পাৰে।এইবেলিও হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলা ফল লাভ কৰিও অৰ্থৰ অভাৱত পঢ়িব নোৱাৰা ছাত্ৰ ছাত্ৰী সকলকো তেওঁৰ বিদ্যালয়ত আহিবলৈ আহ্বান জনায়।৯০ শতাংশৰ ওপৰৰ দৰিদ্ৰ ছাত্ৰী ছাত্ৰীৰ দুবছৰ সম্পূৰ্ণ খৰজ বহন কৰাৰ উপৰিও প্ৰতিমাহে এক হেজাৰ কৈ টকা ছাত্ৰ বৃত্তি হিচাবে বহন কৰিব বুলি অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে। এইবেলি বিদ্যালয়খনৰ পৰা ১৭ গৰাকী ছাত্ৰ- ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ন হয়৷ ইয়াৰে শ্বেখ মহাম্মদ ৱাচিম জামানে ৮৬ •২ লাভ কৰি (ডিষ্টিংচন) লাভ কৰিবলৈ সক্ষম হয়।একেদৰে তিনি গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰাকে আদি কৰি ১৫ জনে প্ৰথম বিভাগত আৰু  দুই গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ন হয়৷ উল্লেখ্যযে অতিকৈ  জিলা খনৰ পিছপৰা অঞ্চল বিশেষে দৰিদ্ৰ পৰিয়ালৰ  মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীয়ে গুৰুকুলা একাডেমীৰ এনে প্রচেষ্টাত বহু পৰিমনে সকাহ পাব  সেয়া অধ্যক্ষ গৰাকীৰ কথাত স্পষ্ট।

Post a Comment

Previous Post Next Post