টীয়কৰ জাঁজীমুখত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাইছে অঞ্চল ,যাতায়ত ব্যৱস্থা ব্যাহত
TEOK:বছৰৰ দ্বিতীয়টো বানৰ কৱলত পৰিছে টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁজীমুখ । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বাবে পুনৰ বন্ধ কৰি দিয়া হৈছে জাঁজীমুখ পাৰঘাটৰ নাঁওৰ চলাচল । ফলত বহি জগতৰে বিছিন্ন হৈ পৰা অঞ্চলটোৰ ৰাইজে জৰুৰী কামত বিপদসঙ্কুল ভাৱে এখন টুলুঙা নাঁওৰে ইপাৰ সিপাৰ হব লগা হৈছে । ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে জাঁজীমুখৰ জপং,বৰমথাউৰি,শগুনপাৰা,তিনিঘৰীয়াকে ধৰি প্ৰায় ১০/১২ খন গাঁও বুৰাই পেলাইছে । বৰ্তমান পানী বাঢ়ি আছে ব্ৰহ্মপুত্ৰৰ । নদীখনৰ পানী বাঢ়ি থাকিলে অনাগত দিনত নদীপৰীয়া ৰাইজ গভীৰ সমস্যাৰ সন্মুখীন হোৱাৰ আশংকাই দেখা দিছে । ইতিমধ্যে পশুধন সমূহ পালকসকলে ওখ স্থান লৈ স্থানান্তৰ কৰিছে ।

Tags
অসমীয়া বাতৰি