টীয়কত দৰিদ্ৰ আৰ্তসকলৰ মাজত যুৱ ব্যৱসায়ী মনোজ বৰা
সাংবাদিককো প্ৰদান কৰিলে মাস্ক,চেনিটাইজাৰ,খাদ্যৰ টোপোলা
TEOK:যোৰহাটৰ উদ্যোগী যুৱ ব্যৱসায়ী তথা জিলা বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সদস্য মনোজ বৰাই আজি টীয়ক সমষ্টিৰ মুঠ ১৯ খন পঞ্চায়ত সামৰি লক ডাউনৰ ফলত হাহাকাৰ অৱস্থাত পৰা প্ৰায় এহেজাৰটি পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি এক মহানুভতাৰ প্ৰমাণ দাঙি ধৰিছে।লগতে জৰুৰীকালীন সেৱাত জড়িত তথা নিজৰ জীৱনকো তুচ্ছ কৰি এই ভয়াবহ পৰিস্থিতিত কৰ্মৰত টীয়কৰ সাংবাদিকসকলক একোখনকৈ মাস্ক,চেনিটাইজাৰ আৰু খাদ্যৰ টোপোলা প্ৰদান কৰে। উল্লেখযোগ্য যে টীয়কৰ হস্পিতাল তিনিআলিৰ সমীপত থকা কলিয়াপানী মণ্ডল বিজেপিৰ কাৰ্যালয় প্ৰাংগণত উপস্থিত হৈ মনোজ বৰাই নিজ হাতে কেইবাটাও পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লগতে বাকী সামগ্ৰীসমূহ পঞ্চায়তৰ দায়িত্বত থকা দলীয় সতীৰ্থসকলক আনুষ্ঠানিকভাবে অৰ্পণ কৰে আৰু এই সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত যাতে প্ৰকৃত দৰিদ্ৰ আৰ্তসকল বঞ্চিত নহয় তাৰ প্ৰতি সকলোকে লক্ষ্য ৰাখিবলৈ আহ্বান জনাই আৰু উপস্থিত সাংবাদিকসকলৰ লগতো বাৰ্তালাপ কৰি অতি সাৱধানতা অৱলম্বন কৰি নিজৰ দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনায়।উক্ত সমগ্ৰ কাৰ্যসূচীত সমষ্টিটোৰ দুয়োটা মণ্ডলৰ সভাপতি ক্ৰমে ৰাতুল বৰঠাকুৰ,দীপক বৰুৱা,সম্পাদক অভিজিত বৰুৱা, টীয়ক পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰফিক উজ জামানকলিয়াপানী মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি প্ৰবিত্ৰ কলিতাকে ধৰি ভালেসংখ্যক দলীয় বিষয়ববীয়াৰ লগতে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য দেৱজিত বৰুৱা বিশেষভাবে উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Tags
অসমীয়া বাতৰি