LIVE Broadcast Active LIVE | Guwahati: —
Breaking
Assam Live 365: Real-time news and video bulletins from Northeast India.

Article

অসমীয়া বাতৰি

বিটিএডি ত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলক মোক্ষম আঘাত সানি কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন আছু নেতা প্ৰবীণ বড়োৰ পদত্যাগ।

দেশৰ সৰ্ববৃহৎ আৰু অতি পুৰণি ভাৰতীয় জাতীয় কংগ্ৰেছ(ই) চমুকৈ কংগ্ৰেছ(ই)দল প্ৰতিটো ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চল তথা অসমতো শোচনীয় পৰাজয়ৰ পিছত ক্ৰমান্বয়ে নিছিন্ন হোৱাৰ পথত আগবাঢ়িছে!এতিয়া দেখা গৈছে নামনি অসম তথা বিটিএডি এলেকাৰ অতি শক্তিশালী দল বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট চমুকৈ বিপিএফ দলটোও নিছিন্ন হব নেকি এই প্ৰশ্ন উদয় হৈছে ৰাজনৈতিক মহলত?মূলতঃ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল বিটিএডি এলেকাত ক্ষমতাহীন হৈ পৰাৰ পিছত দলটোৰ পৰাই ইতিমধ্যে বহুতো কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতা-কৰ্মী পদত্যাগ কৰি আন দলত যোগদান কৰাৰ বিপৰীতে আজি হঠাতে সভাপতি হাগ্ৰামা মহিলাৰীৰ সোঁহাত স্বৰূপ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰবীণ বড়োও দলটোৰ পৰা পদত্যাগ কৰি সভাপতি হাগ্ৰামা মহিলাৰীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। ফলত এয়া এক বিপিএফ দলত মোক্ষম আঘাত বুলি বিবেচিত হৈ পৰিছে বুলি বাটৰিটোত প্ৰকাশ

Comments