কৰ'নাৰ সন্ত্ৰাসৰ সময়তেই কা আন্দোলনৰ শ্বহীদ টীয়কৰ ৰাজেন বৰুৱাৰ গৃহত আছুৰ সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈ
TEOK:কৰ'নাৰ সন্ত্ৰাসৰ সময়ত কা আন্দোলনৰ প্ৰথম শ্বহীদ টীয়কৰ বনাই অঞ্চলৰ ৰাজেন বৰুৱাৰ গৃহত আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ উপস্থিত হৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে। ছাত্ৰ সন্থা সদায় ৰাইজৰ লগত আছে আৰু কা আন্দোলনৰ শ্বহীদসকলৰ পৰিয়ালৰ কাষত সকলো সময়তে থিয় দিব বুলি মন্তব্য আগবঢ়ায়।লগতে কোনো কাৰণতে এইসকল শ্বহীদৰ ত্যাগ অথলে যাবলৈ নিদিয়ে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।উল্লেখযোগ্য যে ক'ৰোণা যিদৰে সমগ্ৰ বিশ্বৰ বাবে এতিয়া ভয়াবহ হৈ পৰিছে ঠিক একেদৰেই কা ও অসমৰ বাবে কৰ'নাৰ দৰে অনাগত দিনত ভয়াবহতাৰ সৃষ্টি কৰিব বুলি কৈ যিকোনো মূল্যৰ বিনিময়ত চৰকাৰে কা বাতিল কৰিবই লাগিব বুলি দাবী জনায়।উক্ত সময়ত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উদ্দীপজ্যোতি গগৈ,যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ,ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডেভিদ হাজৰিকা, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য বিতোপন চাংমাই, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক পংকজ প্ৰতীম হাজৰিকা,ৰেঙণি এটি আশাৰ সঞ্চালক বিজু শৰ্মা, টীয়ক আছুৰ দীপাংকৰ বেজবৰা, ৰূপক সৰকাৰ, বিতোপন পুদ্দাৰ তথা টীয়ক আৰু শিমলুগুৰি মৌজা আছুৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

Tags
অসমীয়া বাতৰি